Blog Timeline Sidebar Right

Check out our Latest News!

দেশজোৰা বিজ্ঞানমনস্কতাৰ প্ৰচাৰ অভিযান

বৈজ্ঞানিক মানসিকতা হ'ল আমাৰ দেশৰ উপনিবেশবাদবিৰোধী জাতীয় মুক্তি সংগ্ৰামৰ মাজেদি জাতীয় জীৱনত উদ্ভৱ হোৱা আৰু পৰৱৰ্তী সময়ত সংবিধানৰ নির্দেশাত্মক নীতিসমূহৰ 51A (h) ধাৰাত সন্নিবিষ্ট এক দৃষ্টি আৰু দৰ্শন। ভাৰতত বৈজ্ঞানিক মানসিকতা 'আইডিয়া অব্ ইণ্ডিয়া'ৰ এক অবিচ্ছেদ্য অংগ আৰু ই আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত উত্থাপিত হোৱা একত্ৰীকৰণ আৰু সহমতৰ অন্যতম ধাৰণা আছিল। বর্তমান ভাৰতীয় সংবিধানৰ 51A (h) নং অনুচ্ছেদত অন্তর্ভুক্ত হোৱা...

দীপাৱলী হওক পোহৰৰ উৎসৱ: তীব্ৰ প্ৰাবল্যৰ আতচ-বাজী পৰিহাৰ কৰাৰ আহ্বান

শ্ৰদ্ধাভাজন ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকল, পোহৰৰ উৎসৱ দীপাৱলী সমাগত৷ আমি নিম্নোল্লিখিত সংগঠন সমূহৰ পক্ষৰ পৰা দ্বীপান্বিতা উপলক্ষে সৰ্বস্তৰৰ জনসাধাৰণলৈ ওলগ আৰু শুভেচ্ছা যাচিছোঁ। উৎসৱৰ আনন্দ-উল্লাসৰ মাজত জুই-বাৰুদৰ খেলা, ফটকা আদিৰ পৰা সংঘটিত হ'ব পৰা দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ বাবেও আমি ৰাইজলৈ বিনম্ৰ আৱেদন জনাইছোঁ৷ বায়ু আৰু শব্দ প্ৰদূষণ : স্বাস্থ্যৰ ওপৰত প্ৰভাৱ ***** দীপাৱলীৰ আতচ-বাজীত, বিভিন্ন ৰঙেৰে অমাৱস্যাৰ আকাশ...

October 2023

বিশ্ব নদী দিৱস উদযাপন

২৪ ছেপ্তেম্বৰ বিশ্ব নদী দিৱস। নদী সুৰক্ষাৰ বাবে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্রতি বছৰৰ ছেপ্তেম্বৰ মাহৰ চতুর্থ ৰবিবাৰে এই দিৱস পালন কৰা হয়। বিশ্ব নদী দিৱসৰ এই বছৰৰ প্রতিপাদ্য আছিল ‘ৰাইটচ অৱ ৰিভাৰ’। বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰততো নানা ধৰণে পালিত হৈছে এই দিন। নদীমাতৃক আমাৰ দেশৰ বহু নদীৰ অৱস্থা সংকটাপন্ন। দূষণ, নদী দখল, বালি মহলদাৰৰ আগ্রাসন, আৱৰ্জনা প্ৰক্ষেপনৰ লগতে অপৰিকল্পিত শিল্পায়ন,...

September 2023

মৰিগাঁও মহাবিদ্যালয়ত বৈজ্ঞানিক মানসিকতা আৰু অংগদান-দেহদান সন্দৰ্ভত সজাগতা সভা

মৰিগাঁও মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ (২০২৩-২৪) উপলক্ষে এক ছেপ্টেম্বৰ, ২০২৩ তাৰিখে কলেজখনৰ আভ্যন্তৰীণ গুণ মূল্যায়ন কমিটি (IQAC), মৰিগাঁও জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ জিলা স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত বৈজ্ঞানিক মানসিকতা আৰু অংগদান-দেহদান সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ-উপাধ্যক্ষৰ উপৰি জিলাৰ স্বাস্থ্য বিষয়া, চিকিৎসক আৰু মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই...

August 2023

SOME INTERESTING FACTS ABOUT BLOOD

What is Blood? Blood is the life-maintaining fluid that circulates through:♥ Heart♥ Arteries♥ Veins♥ Capillaries♥ Brain♥ Rest of the body What are the components of Blood? Blood makes up about 7 percent of your body's weight.The components of human blood are:♥ Plasma. The liquid component of the blood in which the following blood cells are suspended: ♥Red blood cells (erythrocytes). These carry oxygen from...

July 2023

সুদক্ষিণা শৰ্মাৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

অসমৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ, স্বনামধন্য কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শিল্পী গৰাকীৰ প্ৰতি নিৱেদন কৰিছে অপৰিসীম শ্ৰদ্ধা। যশস্বী শিল্পী সুদক্ষিণা শৰ্মাই ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে নিবিড়ভাৱে যুক্ত আছিল। দৰাচলতে শিল্পী গৰাকীৰ প্ৰয়াত স্বামী তথা বিশিষ্ট গণশিল্পী দিলীপ শৰ্মা, শিল্পীপুত্ৰ প্ৰয়াত ঋষিৰাজ শৰ্মা, জী-জোঁৱাই সহ সমগ্ৰ পৰিয়ালটো বিজ্ঞান মঞ্চৰ সৈতে আছিল ওতঃপ্ৰোতভাৱে জড়িত। সুদক্ষিণা...

নতুন শিক্ষা নীতি আৰু ডাৰউইনৰ বিবৰ্তনবাদ শীৰ্ষক চেমিনাৰ

আজি ৩০ জুন (শুক্ৰবাৰে)পূব নলবাৰী জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ত নতুন শিক্ষা নীতি আৰু ডাৰউইনৰ বিবৰ্তনবাদ শীৰ্ষক চেমিনাৰত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি কমল নয়ন মিশ্ৰই ডাৰউইনৰ বিবৰ্তনবাদৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ভাবে বক্তব্য ৰাখে। ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী শাখাৰ সভাপতি ফণীধৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত মঞ্চৰ ৰাজ্যিক সমিতিৰ উপসভাপতি প্ৰণৱজ্যোতি ডেকাই ইলোৰা বিজ্ঞান মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য ৰাখে। পূব...