দেশজোৰা বিজ্ঞানমনস্কতাৰ প্ৰচাৰ অভিযান

দেশজোৰা বিজ্ঞানমনস্কতাৰ প্ৰচাৰ অভিযান

বৈজ্ঞানিক মানসিকতা হ’ল আমাৰ দেশৰ উপনিবেশবাদবিৰোধী জাতীয় মুক্তি সংগ্ৰামৰ মাজেদি জাতীয় জীৱনত উদ্ভৱ হোৱা আৰু পৰৱৰ্তী সময়ত সংবিধানৰ নির্দেশাত্মক নীতিসমূহৰ 51A (h) ধাৰাত সন্নিবিষ্ট এক দৃষ্টি আৰু দৰ্শন। ভাৰতত বৈজ্ঞানিক মানসিকতা ‘আইডিয়া অব্ ইণ্ডিয়া’ৰ এক অবিচ্ছেদ্য অংগ আৰু ই আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত উত্থাপিত হোৱা একত্ৰীকৰণ আৰু সহমতৰ অন্যতম ধাৰণা আছিল। বর্তমান ভাৰতীয় সংবিধানৰ 51A (h) নং অনুচ্ছেদত অন্তর্ভুক্ত হোৱা সাংবিধানিক নীতিসমূহৰ প্ৰতি নাগৰিকৰ দায়বদ্ধতা আছে যদিও বিজ্ঞানবিৰোধী শক্তিসমূহে সাম্প্ৰতিক সময়ত আমাৰ দেশখনত এক বিশেষ স্থান দখল কৰাত সংবিধানপ্রদত্ত এই দায়িত্ব পালন কৰাত নাগৰিকসকলক বাধা দিবলৈ উঠিপৰি লাগিছে। যোৱা দশকত যুক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত ইতিহাস, বিজ্ঞানৰ ইতিহাস আদিৰ দৰে কিছুমান বিষয়ৰ ওপৰত পদ্ধতিগতভাবে আক্রমণ হোৱা দেখা গৈছিল যদিও বর্তমান প্রাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰতো এই আক্রমণ তীব্রভাৱে চলিছে। আধুনিক বিজ্ঞানৰ কথালৈ আহিলে ডাৰউইনৰ বিৱৰ্তন তত্ত্ব (Darwin’s Evaluation Theory), পর্যাবৃত্ত তালিকা (Periodic Table) আদিৰ দৰে মৌলিক কথাবোৰ এতিয়া আৰু স্কুলৰ পাঠ্যপুথিৰ অন্তৰ্গত নহয় ।

বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ মেৰুদণ্ড স্বৰূপ ‘প্ৰশ্ন কৰাৰ অধিকাৰ’, ‘বিতৰ্ক আৰু মতানৈক্য ‘ৰ অধিকাৰকো সমালোচনা কৰা হৈছে আৰু কোনো কোনো ক্ষেত্ৰত ইয়াক ৰাষ্ট্ৰবিৰোধী বুলি অভিহিত কৰা হৈছে। দুর্ভাগ্যজনকভাৱে বিজ্ঞানমনস্কতাক মষিমূৰ কৰা এই প্ৰৱণতাৰ সমালোচকসকলক দেশবিৰোধী, পাশ্চাত্যবাদী আৰু ‘ঔপনিৱেশিক মনৰ’ বুলি আক্ৰমণৰ বলি কৰা হৈছে।

বিগত কিছু বছৰ গোটেই দিশজুৰি আনকি চৰকাৰৰ মন্ত্ৰী আৰু উচ্চপদস্থ কর্মকর্তার পর্যায়তো, বৈজ্ঞানিক মানসিকতা খর্ব কৰাৰ সংগঠিত প্ৰৱণতা দেখা গৈছে। পৌৰাণিক কাহিনীকে বিজ্ঞান হিচাপে উন্নীত কৰাৰ প্ৰয়াসৰ লগতে প্রাচীন বৈদিক জ্ঞানত সকলো আছিল, আৰু অন্যান্য সকলো সভ্যতা আৰু সংস্কৃতিৰ জ্ঞানতকৈ সকলোতে উৎকৃষ্ট আছিল, এনে এটি অৱধাৰণা গঢ়। দিয়াৰ প্ৰচেষ্টা চলিছে। এই দুর্ভাগ্যজনক অসত্য আৰু অতিরঞ্জিত প্ৰচাৰৰ মাজত বিশ্বলৈ আগবঢ়োৱা প্রাচীন ভাৰতবৰ্ষৰ বিপুল স্বীকৃত মূল্যৱান সমলসমূহ এতিয়া সন্দেহৰ আৱৰ্তলৈ আহিব পাৰে। ইয়াৰ দ্বাৰা ভাৰতীয় সভ্যতাৰ সুমহান ঐতিহ্য ম্লান হ’ব ধৰিছে।

ইতিমধ্যে বহু নেতৃস্থানীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদে উদ্বেগ প্রকাশ কৰি কৈছে যে আজিকালি, স্বাধীনতাৰ পিছত এয়াই প্রথম, নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামর্শই লোৱা নহয়। বর্তমান প্রায়েই প্রমাণ-ভিত্তিক বিশেষজ্ঞ মতামত বাদ দি সিদ্ধান্ত লোৱা হয়; যেনে ডিমনিটাইজেচন বা কোভিড – ১৯ অতিমাৰী সময়ত এই প্ৰৱণতা দেখা গৈছিল। এক কথাত ক’বলৈ গ’লে চৰকাৰৰ সৰ্বোচ্চ স্তৰত বিজ্ঞানমনস্কতা আজি পর্যুদস্ত।

বৰ্তমান জ্ঞানৰ যুগত আত্মনিৰ্ভৰশীল উন্নয়ন বাস্তবায়িত কৰাৰ বাবে অত্যন্ত প্রয়োজনীয় বিষয় হ’ল গৱেষণা আৰু উন্নয়ন।

বর্তমান বিশ্বত গড় হিচাপে জি ডি পি ১.৮ শতাংশ বায় হোৱা গৱেষণা আৰু উন্নয়ন ক্ষেত্ৰত আমাৰ দেশত ব্যয় হয় জি ডি পি’ৰ ০.৭ শতাংশ মাত্র। এই তালিকাত থকা সর্বনিম্ন দেশসমূহৰ মাজত বৰ্তমান আমাৰ দেশ আছে। আকৌ সেইখিনি পুঁজিৰো বহু অংশ অপ্রমাণিত চিকিৎসা প্ৰতিকাৰ, বিভিন্ন পক্ষপাতদুষ্ট অবৈজ্ঞানিক আৰু ছদ্ম-বৈজ্ঞানিক গৱেষণা কৰাত ৰায় কৰা হৈ আছে। প্রযুক্তি আমদানিৰ ওপৰত ক্রমবর্ধমানভাবে নির্ভরশীল এই ভাৰতবৰ্ষত পূর্বনির্মিত বিজ্ঞান প্ৰযুক্তিৰ আন্তঃগাঁথনিসমূহ ক্রমাগতভাৱে ক্ষয়প্রাপ্ত হৈ আছে, যাৰ ফলত আন্তর্জাতিক মূল্য-শৃংখলত ভারতবর্ষৰ অবনমন হ’ব ধৰিছে।

সেয়ে বৰ্তমান সন্ধিক্ষণত যিকোনো দেশপ্রেমিক মানুহৰ প্রাথমিক কর্তব্য হ’ল দেশখনৰ উন্নয়নৰ স্বাৰ্থত বৈজ্ঞানিক মানসিকতাৰ অৱক্ষয় প্ৰতিৰোধ কৰা, বিজ্ঞানমনস্কতাৰ প্ৰচাৰ প্ৰসাৰৰ হকে ঠিয় দিয়া। এয়া এনে এক সংগ্রাম যি প্রমাণ-ভিত্তিক, যুক্তি-নিৰ্ভৰ, বহুত্ববাদী আৰু মুক্ত চিন্তাত বিশ্বাসী।

বৈজ্ঞানিক মানসিকতাৰ ওপৰত আক্ৰমণ কেইবাটাও দশকৰ পৰা হৈ আহিছে। কিন্তু বৰ্তমানৰ পৰিস্থিতি পূৰ্বৰ পৰিস্থিতিতকৈ পৃথক, কাৰণ এই আক্রমণ এতিয়া আনুষ্ঠানিকভাৱে শাসকীয় পক্ষৰ পৰা কৰা হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জনসংখ্যাৰ বহল অংশত, বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তাৰ বাবে জনমত সক্ৰিয় কৰাটো অধিক জৰুৰী হৈ পৰিছে। আজিৰ ভাৰতবৰ্ষত বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ গুৰুত্ব অনুধাৱন কৰি দেশৰ চল্লিশটাৰো অধিক বিজ্ঞান সংগঠনৰ উমৈহতীয়া মঞ্চ – সদৌ ভাৰত জনবিজ্ঞান নেটৱর্কে বিজ্ঞানমনস্কতাৰ এক অভিযান আৰম্ভ কৰিছে। নবেল বঁটা বিজয়ী ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ জন্মদিন, ৭ নৱেম্বৰ ২৩ তাৰিখৰ পৰা ২৮ ফেব্ৰুৱাৰী ২৪, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসলৈ প্ৰায় চাৰিমাহ এই ‘দেশজোৰা বিজ্ঞানমনস্কতা প্রচাৰ অভিযান’ অনুষ্ঠিত হ’ব।

এই প্রস্তাবিত অভিযানেৰে আৰম্ভ হোৱা এনে প্ৰচেষ্টাৰ লক্ষ্য হৈছে বৰ্তমান দেশৰ সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি সমসাময়িক কাৰ্য্যসূচীত গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱর্তন, প্রজাতি বিলুপ্তিৰ ভাবুকি, অর্থনৈতিক বিধিনি, মহামাৰী, জাতিগত আৰু সাম্প্রদায়িক সংঘাত, যুদ্ধৰ বিৰোধিতাক লগতে ধর্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু সংবিধানৰ মূল্যবোধ ৰক্ষাৰ জৰুৰী বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হৈছে।

এই অভিযানত সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক, সমন্বয়ৰক্ষী সমিতি, অসমেও তিনিটা অংশীদাৰ সংগঠন যথাক্রমে ইলোৰা বিজ্ঞান মঞ্চ, চি-আৰ-ইউ (এন ই আৰ), জ্ঞান-বিজ্ঞান সমিতি অসমৰ সহযোগত জিলাই জিলাই তৃণমূল পর্যায়ত অবিৰতভাৱে প্ৰচাৰ অভিযান চলাব। বিজ্ঞানমনস্কতা আৰু সংবিধানৰ অনুচ্ছেদ 51A (h) ওপৰত গুৰুত্ব আৰোপ কৰি সংগঠনকেইটাই ৰাজ্যখনৰ বিভিন্ন ঠাইত সুবিধামতে ভিন ভিন কার্যসূচী যেনে সমাবেশ, সভা, সমদল, দলীয় সভা, পোষ্টাৰ প্ৰদৰ্শন, পদযাত্রা, চাইকেল সমদল, বাটৰ নাট, গীত, ছাত্ৰ-ছাত্ৰীৰ মাজত প্রতিযোগিতা, চিনেমা প্রদর্শন, বাইজ মেল ইত্যাদি অনুষ্ঠিত কৰিব।এই উপলক্ষ্যত সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্কৰ সমন্বয়ৰক্ষী সমিতি অসমৰ তিনিওটা সংগঠনে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী লগতে সমাজৰ সকলো স্তৰৰ ৰাইজক এই প্ৰস্তাৱিত বিজ্ঞানমনস্কতা প্ৰচাৰ অভিযানত অংশগ্রহণ তথা সহযোগিতা আগবঢ়াবলৈ আবেদন জনাইছে।

Share this post