ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস –কুসংস্কাৰ বিৰোধী দিৱস উদযাপন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ওপজা দিনত হেমচন্দ্ৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি *** আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হ্য়।ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত 'কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস' হিচাপে পালন কৰি আহিছে। এইবেলিও এই দিৱস মেল-মিটিং, সজাগতা সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ-তৰ্ক-ৰচনা প্ৰতিযোগিতা, বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী,...