Press Release

ইলোৰা  বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস –কুসংস্কাৰ বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ওপজা দিনত হেমচন্দ্ৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি *** আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো  ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে  উদযাপন কৰা হ্য়।ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত 'কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস' হিচাপে পালন কৰি আহিছে। এইবেলিও এই দিৱস মেল-মিটিং, সজাগতা সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ-তৰ্ক-ৰচনা প্ৰতিযোগিতা, বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী,...

হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন : ১০ ডিচেম্বৰত ইলোৰা বিজ্ঞান মঞ্চৰ কুসংস্কাৰবিৰোধী দিৱস

ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা 'অসমীয়া ভাষাৰ ওজা' পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো "কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস" হিচাপে পালন কৰি আহিছে। এইবেলিও অহা ১০ ডিচেম্বৰ ৰবিবাৰে হেমচন্দ্ৰ বৰুৱা জন্মদিন যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰা হ'ব। ইতিমধ্যে মঞ্চৰ শাখাসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমমনোভাৱাপন্ন সংগঠনসমূহৰ লগ লাগি...

প্ৰেছ বিজ্ঞপ্তি : নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী অচ্যুত গোস্বামী প্ৰয়াত -‘এইমছ’ত দেহদান : ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

নলবাৰীৰ জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী অচ্যুত গোস্বামী ২০ নবেম্বৰ তাৰিখে ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে দীৰ্ঘদিন বাৰ্ধক্যজনিত বিভিন্ন ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭০ বছৰ। তেখেতে পত্নীসহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সমাজকৰ্মী গৰাকীৰ শেষ ইচ্ছা অনুসৰি ২১ নবেম্বৰ তাৰিখে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটীৰ চাংচাৰিত থকা অখিল...