দীপাৱলী হওক পোহৰৰ উৎসৱ: তীব্ৰ প্ৰাবল্যৰ আতচ-বাজী পৰিহাৰ কৰাৰ আহ্বান

দীপাৱলী হওক পোহৰৰ উৎসৱ: তীব্ৰ প্ৰাবল্যৰ আতচ-বাজী পৰিহাৰ কৰাৰ আহ্বান

শ্ৰদ্ধাভাজন ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকল,

পোহৰৰ উৎসৱ দীপাৱলী সমাগত৷ আমি নিম্নোল্লিখিত সংগঠন সমূহৰ পক্ষৰ পৰা দ্বীপান্বিতা উপলক্ষে সৰ্বস্তৰৰ জনসাধাৰণলৈ ওলগ আৰু শুভেচ্ছা যাচিছোঁ। উৎসৱৰ আনন্দ-উল্লাসৰ মাজত জুই-বাৰুদৰ খেলা, ফটকা আদিৰ পৰা সংঘটিত হ’ব পৰা দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ বাবেও আমি ৰাইজলৈ বিনম্ৰ আৱেদন জনাইছোঁ৷

বায়ু আৰু শব্দ প্ৰদূষণ : স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
*****
দীপাৱলীৰ আতচ-বাজীত, বিভিন্ন ৰঙেৰে অমাৱস্যাৰ আকাশ পোহৰাই তোলা কলগছ, ৰকেট আদিত বেৰিয়াম নাইট্ৰেট, এলুমিনিয়াম, ক্ৰমিয়াম, ছালফাৰ ইত্যাদি বিষাক্ত কণিকা থাকে আৰু এইবোৰেই বিভিন্ন ৰঙৰ পোহৰৰ সৃষ্টি কৰে৷ এলুমিনিয়ামে বগা পোহৰৰ চিকমিকনি উৎপন্ন কৰে আৰু লগতে চালৰ বেমাৰো কৰে। আনহাতে সেউজীয়া পোহৰ সৃষ্টি কৰা বেৰিয়ামে শ্বাস-প্ৰশ্বাসৰ সমস্যা সৃষ্টি কৰে৷ ভাৰত চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বায়ুমণ্ডলত ১৫ বিধ ক্ষতিকাৰক আৰু বিষাক্ত উপাদানৰ উপস্থিতিৰ কথা কৈছে৷ আতচ-বাজীৰ ফলত বায়ুমণ্ডলত এনে উপাদানৰ পৰিমাণ বহুগুণ বাঢ়ি যায়। চালৰ বেমাৰ, চকুৰ পোৰণিৰ বাহিৰেও এই বিষাক্ত উপাদানসমূহৰ বাবে কাহ, হাঁই-ফাই (এজমা), শ্বাসনলী প্ৰদাহজনিত ৰোগ (ব্ৰংকাইটিচ), হাঁও-ফাঁওৰ ৰোগ, আনকি স্নায়বিক বিকাৰ তথা বোধশক্তিৰ বিলোপ আদিত মানুহ আক্ৰান্ত হ’ব পাৰে৷ আটাইতকৈ বেছি আক্ৰান্ত হয় কণ কণ শিশুসকল। দীপাৱলীৰ নিশা কাণ তাল মৰা বিকট শব্দৰ প্ৰভাৱত বহুতৰ শ্ৰৱণ শক্তি কমিব বা একেবাৰে নোহোৱা হ’ব পাৰে৷ দুৰ্ঘটনাজনিত কাৰণত বহুতে চকু-মুখত গুৰুতৰ আঘাত পায় বা দৃষ্টিশক্তি হেৰুৱায়। বায়ু প্ৰদূষণ আৰু শব্দৰ তীব্ৰতাৰ হেতু হৃদৰোগত আক্ৰান্তসকলৰ বাবে গুৰুতৰ বিপদৰ আশংকা থাকে।

পশু-পক্ষীৰ ওপৰতো আতচ-বাজীৰ প্ৰভাৱ খুবেই ভয়ংকৰ। বিশেষকৈ ফটকাৰ বিকট শব্দৰ ফলত চৰাই-চিৰিকতি সন্মুখীন হয় অভাৱনীয় দুৰ্যোগৰ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
********
আতচ-বাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণক লৈ সচেতন অংশৰ জনসাধাৰণ উদ্বিগ্ন আৰু চিন্তিত৷ মহামান্য উচ্চতম ন্যায়ালয়েও এই বিষয়ত হস্তক্ষেপ কৰিব লগা হৈছে। সেয়েহে ২০১৮ চনৰ ২৩ অক্টোবৰত এটা ৰায়ৰ জৰিয়তে ন্যায়ালয়ে দীপাৱলীৰ প্ৰদূষণ সংক্ৰান্তত কিছু প্ৰতিবন্ধকতা আৰোপ আৰু নিৰ্দেশনা জাৰি কৰিছে৷ যোৱা ১০ অক্টোবৰ,২০২২ তাৰিখে উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশৰ জৰিয়তে দিল্লীত আনকি সেউজ ফটকাও সম্পুৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল আৰু অন্যান্য ৰাজ্য বোৰৰ ক্ষেত্ৰত ২০১৮ চনৰ ৰায় টোকে বাহাল ৰাখিছে।

উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ কেইটামান উল্লেখযোগ্য কথা হ’ল :
১) দীপাৱলীৰ দিনা নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল দুঘণ্টাৰ বাবেহে আতচ-বাজী ব্যৱহাৰৰ অনুমতি প্ৰদান। কিন্ত উচ্চ প্ৰাবল্যৰ ফটকা-বাজীত ন্যায়ালয়ৰ বাধা আৰোপ।

২) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক আতচ-বাজীৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সংবাদ মাধ্যমৰ জৰিয়তে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ ৷

৩) ছাত্ৰ-ছাত্ৰীসকলক খাৰ-বাৰুদৰ খেলৰ পৰা বিৰত থকাৰ উপদেশ দিবলৈ শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষ আৰু শিক্ষক সম্প্ৰদায়কো ন্যায়ালয়ৰ পৰামৰ্শ।

৪)ৰায় টোৰ জৰিয়তে ফ্লিপকাৰ্ত, আমাজান প্ৰভৃতি বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা ‘online যোগে ফটকা জাতীয় সামগ্ৰীৰ কিনা বেচা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে।

সেউজীয়া ফটকা

আজিকালি এনেকুৱা ফটকা ওলাইছে য’ত অপকাৰী পদাৰ্থৰ সলনি ফটকাৰ পৰা কেৱল পানীৰ ফোৱাৰা ওলাব বা অপকাৰী পদাৰ্থ খুব কম থাকিব। এনে ফটকাক ‘সেউজীয়া ফটকা’ বোলে। সম্প্ৰতি এই পৰিৱেশ-অনুকুল ফটকা ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰত পোৱা যায়। চি এছ আই আৰ (কাউঞ্চিল অৱ ছাইণ্টিফিক এণ্ড ইণ্ডাষ্টিয়েল ৰিচাৰ্ছ)-এ গৱেষণা কৰি উলিওৱা সেউজীয়া ফটকাই বায়ুমণ্ডল সাধাৰণ ফটকাৰ তুলনাত ৩০-৪০% কম প্ৰদূষণ কৰে৷

দীপাৱলীত আমি কি কৰা উচিত ?

◆পোহৰৰ উৎসৱটো আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আদিৰ লগত মিলি আনন্দৰে পালন কৰক৷

◆ চাকি-বন্তি, মম আদি হিচাপত জ্বলাব। এল ই ডি বাল্ব ব্যৱহাৰ কৰিলে প্ৰদূষণ কম হ’ব৷ ধিমিক-ধামাক চেইন জাতীয় পোহৰসমূহ এল ই ডি৷

◆ সকলো ধৰণৰ আতচ-বাজী বন্ধ কৰা বাঞ্চনীয়৷

◆ তীব্ৰ প্ৰাবল্যৰ ফটকা-বোমা সম্পূৰ্ণ বৰ্জনীয়।

◆ সেউজীয়া ফটকা ব্যৱহাৰ কৰিব পাৰে ৷

◆ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুযায়ী নিশা নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰতহে ফটকা ফুটাব৷ অন্যথা আদালত অৱমাননাৰ গোচৰ হ’ব পাৰে।

দেশৰ শীৰ্ষ আদালতৰ নিৰ্দেশ পালন আৰু সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি চৰকাৰ, সংশ্লিষ্ট প্ৰশাসন আৰু সুধী সমাজে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।

দীপাৱলী সুকলমে উদযাপিত হওক! মানৱ জাতি আৰু জীৱকুলৰ মংগল হওক! সকলোৱে সুস্থভাৱে আৰু নিৰাপদে জীৱন যাপন কৰক! এয়ে আমাৰ কামনা।

 

(ইলোৰা বিজ্ঞান মঞ্চ,জ্ঞান বিজ্ঞান সমিতি,আৰণ্যক , চি আৰ ইউ(এন আৰ) , অৰণ্য সুৰক্ষা সমিতি ,অসম , আৰণ্যক , পৰিৱেশ সুৰক্ষা সমিতি , সুস্থ সমাজ বিকাশ চক্ৰ আৰু কাজিৰঙা ৱাইল্ড লাইফ ছছাইটি- এই নটা অনুষ্ঠান,সংগঠনৰ ৰাইজলৈ গোহাৰি। )

 

দীপাৱলী হওঁক পোহৰৰ উৎসৱ । তাৰেই আহ্বান কৰি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বর্ড ৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰই।

Share this post