হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন : ১০ ডিচেম্বৰত ইলোৰা বিজ্ঞান মঞ্চৰ কুসংস্কাৰবিৰোধী দিৱস

হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন : ১০ ডিচেম্বৰত ইলোৰা বিজ্ঞান মঞ্চৰ কুসংস্কাৰবিৰোধী দিৱস

ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা ‘অসমীয়া ভাষাৰ ওজা’ পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো “কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস” হিচাপে পালন কৰি আহিছে। এইবেলিও অহা ১০ ডিচেম্বৰ ৰবিবাৰে হেমচন্দ্ৰ বৰুৱা জন্মদিন যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰা হ’ব। ইতিমধ্যে মঞ্চৰ শাখাসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমমনোভাৱাপন্ন সংগঠনসমূহৰ লগ লাগি দিৱসটো পালন কৰাৰ মাজেৰে হেমচন্দ্ৰৰ চিন্তাধাৰা বিয়পাই দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে। ৰাজ্যৰ কোনো কোনো ঠাইত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৯ আৰু ১১ ডিচেম্বৰতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

গুৱাহাটীত ১০ ডিচেম্বৰৰ পুৱা ১০বজাত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে স্থাপন কৰা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যদান আৰু শ্ৰদ্ধাঞ্জলিৰে ঊনবিংশ শতিকাৰ যুগন্ধৰ পুৰুষগৰাকীক স্মৰণ কৰা হ’ব। সিদিনাই দিনৰ ১১ বজাত আদাবাৰী তিনিআলিত থকা অটল উদ্যানৰ মুকলি মঞ্চত এক মনোজ্ঞ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।* হেমচন্দ্ৰ বৰুৱাৰ যুক্তিবাদী ঐতিহ্যৰ সৈতে সংগতি ৰাখি আলোচনা সভাখনত বক্তা হিচাপে উপস্থিত থাকিব ,

বিশিষ্ট বিজ্ঞানী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য
ড০ কুলেন্দু পাঠক
আৰু
বিশিষ্ট লেখক তথা ইলোৰা বিজ্ঞান মঞ্চৰ মুখপত্ৰ সমীক্ষণৰ মুখ্য সম্পাদক ড০ পৰমানন্দ মজুমদাৰ।

ৰাতিপুৱা ১০ বজাত বিশ্ববিদ্যালয় প্ৰাংগণত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আবেলি ১১ বজাত অটল উদ্যানৰ মুকলি মঞ্চত অনুষ্ঠিতব্য বক্তৃতানুষ্ঠানত উপস্থিত থাকি অনুষ্ঠান সফল কৰাৰ লগতে আধুনিক অসমৰ অগ্ৰদূতগৰাকীক স্মৰণ কৰাৰ বাবে বিজ্ঞান মঞ্চই সকলো যুক্তিবাদী লোকৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজ্ঞান মঞ্চই আয়োজন কৰা অনুষ্ঠানসমূহো সফল কৰাৰ বাবে বিজ্ঞানমনস্ক ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে।

Share this post