প্ৰেছ বিজ্ঞপ্তি : নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী অচ্যুত গোস্বামী প্ৰয়াত -‘এইমছ’ত দেহদান : ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

প্ৰেছ বিজ্ঞপ্তি : নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী অচ্যুত গোস্বামী প্ৰয়াত -‘এইমছ’ত দেহদান : ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি


নলবাৰীৰ জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী অচ্যুত গোস্বামী ২০ নবেম্বৰ তাৰিখে ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে দীৰ্ঘদিন বাৰ্ধক্যজনিত বিভিন্ন ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭০ বছৰ। তেখেতে পত্নীসহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সমাজকৰ্মী গৰাকীৰ শেষ ইচ্ছা অনুসৰি ২১ নবেম্বৰ তাৰিখে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটীৰ চাংচাৰিত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত দান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী।
তাৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পক্ষৰ পৰা ডাঃ মনোৰঞ্জন শৰ্মা, কালীন্দ্ৰ গোস্বামীৰ উপৰিও ঘগ্ৰাপাৰ মহাবিদ্যালয়, ঘগ্ৰাপাৰ হাইস্কুল, শংকৰদেৱ একাডেমি আদি বিভিন্ন অনুষ্ঠান-প্ৰ্তিষ্ঠানৰ পক্ষৰ পৰা বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তি গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ্য়। উল্লেখ্য যে প্ৰয়াত গোস্বামীয়ে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল।
ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক সমাজ কৰ্মী অচ্যুত গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।

Share this post