সমাজহিতৈষী উৎপল বেজবৰুৱাৰ জীৱনাৱসান : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান সম্পন্ন

সমাজহিতৈষী উৎপল বেজবৰুৱাৰ জীৱনাৱসান : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান সম্পন্ন

অসমৰ জনবিজ্ঞান আন্দোলনৰ আগশাৰীৰ নেতা, জ্ঞান বিজ্ঞান সমিতি, অসম আৰু ইলোৰা বিজ্ঞান মঞ্চৰ নিষ্ঠাবান কৰ্মী তথা সংগঠক, উত্তৰ গুৱাহাটীৰ স্থায়ী বাসিন্দাৰ লগতে মঙলদৈ চহৰৰো বিশিষ্ট নাগৰিক উৎপল বেজবৰুৱাৰ (৭৯ বছৰ) আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱনাৱসান হয়। প্ৰেচাৰ ষ্ট্ৰোক হৈ আজি প্ৰায় দুমাহ ধৰি উত্তৰ গুৱাহাটীৰ নাৰায়ণী হস্পিতালত চিকিৎসাধীন হৈ অৱশেষত জিএমচিএইছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। বেজবৰুৱাৰ শেষ ইচ্ছা অনুসৰি চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে আজি তেখেতৰ মৰণোত্তৰ দেহ জিএমচিএইছৰ এনাটমী বিভাগত দান কৰা হয়। তেখেতে পত্নী তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মোহিনী গোস্বামী সহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। ইলোৰা বিজ্ঞান মঞ্চই উৎপল বেজবৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে বিজ্ঞানমনস্ক তথা জনশিক্ষা আৰু জনবিজ্ঞান আন্দোলনৰ একনিষ্ঠ পূজাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে আৰু শোকবিহ্বল পৰিয়ালটোক জনাইছে সমবেদনা।

উত্তৰ গুৱাহাটীৰ একালৰ প্ৰসিদ্ধ সাহিত্যিক নাৰায়ণ বেজবৰুৱাৰ জ্যেষ্ঠ পুত্ৰ তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ উৎপল বেজবৰুৱা আছিল একাধাৰে শিল্পী, কবি , আবৃত্তিকাৰ, তাৰ্কিক, গীতিকাৰ, সুৰকাৰ, নাট পৰিচালক, নাট্যকাৰ, বিভিন্ন সামাজিক-সাংস্কৃতিক-ক্ৰীড়া অনুষ্ঠানৰ গুৰি ধৰোঁতা এগৰাকী সমাজহিতৈষী ব্যক্তি। সত্তৰৰ দশকতে উত্তৰ গুৱাহাটী সাঁতোৰ সংস্থা, ক্ৰীড়া সংস্থা, টেবল টেনিছ প্ৰশিক্ষণ কেন্দ্ৰ আদি তেখেতেই প্ৰতিষ্ঠা কৰিছিল।

মানৱতাবাদী আৰু বিজ্ঞানমনস্ক উৎপল বেজবৰুৱাই ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে সক্ৰিয়ভাৱে যুক্ত হৈ মঞ্চৰ মঙলদৈ শাখাৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল। জ্ঞান বিজ্ঞান সমিতি অসম আৰু অসম বিজ্ঞান সমিতিৰ লগতো তেখেত যুক্ত আছিল। চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে ২০২০ চনতে মৰণোত্তৰ নেত্ৰদান-দেহদানৰ শেষ ইচ্ছা-পত্ৰত তেখেতে স্বাক্ষৰ কৰি ৰাখিছিল। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ উৎপল বেজবৰুৱাৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সত্যজিত মিত্রই। চমু ভাষণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেব শৰ্মাই মানৱতাবাদী ব্যক্তিগৰাকীৰ মহান দানৰ শলাগ লয়। আজি বন্ধৰ দিন হোৱা সত্ত্বেও অনুষ্ঠানত উপস্থিত থাকে এনাটমী বিভাগৰ অধ্যাপক, অধ্যাপিকা সহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকল। মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰি ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই বেজবৰুৱাৰ বৈজ্ঞানিক মানসিকতাৰ ভূয়সী প্ৰশংসা কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত উৎপল বেজবৰুৱাৰ ভাতৃ অনুপম বেজবৰুৱা, ভাগিন জোঁৱাই তথা কামৰূপ (মহানগৰ) জিলাৰ এডিচি বিশ্বজিৎ শইকীয়াকে ধৰি ভালেসংখ্যক আত্মীয়-স্বজন আৰু বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী সমাজকৰ্মী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
**
স্বাক্ষৰ :
ড° কালীপ্ৰসাদ শৰ্মা,
সভাপতি,
কমলেশ গুপ্ত
সাধাৰণ সম্পাদক,
ইলোৰা বিজ্ঞান মঞ্চ।

Share this post