ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস –কুসংস্কাৰ বিৰোধী দিৱস উদযাপন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ওপজা দিনত হেমচন্দ্ৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি
***
আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হ্য়।ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত ‘কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস’ হিচাপে পালন কৰি আহিছে। এইবেলিও এই দিৱস মেল-মিটিং, সজাগতা সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ-তৰ্ক-ৰচনা প্ৰতিযোগিতা, বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান আদিৰ মাজেৰে পালন কৰা হ্য়।
গুৱাহাটীত ১০ ডিচেম্বৰৰ পুৱা ১০ বজাত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে স্থাপন কৰা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যদান আৰু শ্ৰদ্ধাঞ্জলিৰে ঊনবিংশ শতিকাৰ যুগন্ধৰ পুৰুষ গৰাকীক স্মৰণ কৰা হয়।এই কাৰ্যসূচীত উপস্থিত থাকে মঞ্চৰ সভাপতি, বিশিষ্ট বিজ্ঞানী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° কালী প্ৰসাদ শৰ্মা, সাধাৰণ সম্পাদক কমলেশ গুপ্ত, মঞ্চৰ উপদেষ্টা তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ পৱন কুমাৰ চহৰীয়া, কাৰ্যবাহী সভাপতি ডাঃ জয়দেব শৰ্মা প্ৰমুখ্যে নেতৃবৃন্দ।
হেমচন্দ্ৰ বৰুৱাৰ যুক্তিবাদী ঐতিহ্যক পাথেয় কৰি সমাজখনক আগবঢ়াই নিব লাগে – ড° কুলেন্দু পাঠক
গুৱাহাটীৰ আদাবাৰী তিনিআলিত অৱস্থিত অটল উদ্যানৰ মুকলি মঞ্চত আয়োজন কৰা আলোচনা সভাখনত মূখ্য বক্তাৰ ভাষণ প্ৰদান কৰি বিশিষ্ট বিজ্ঞানী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° কুলেন্দু পাঠকে কয় বিজ্ঞানত কোনো চূড়ান্ত সিদ্ধান্ত নাই, সকলো সিদ্ধান্তই পৰীক্ষা নিৰীক্ষা সাপেক্ষ আৰু এই বিজ্ঞান মানসিকতা পাথেয় কৰি মানুহৰ বাবে উপযোগী কি সেয়াই বিবেচ্য হব লাগে। সেয়াই হেমচন্দ্ৰ বৰুৱাৰ যুক্তিবাদী ঐতিহ্য। এই ঐতিহ্যৰ সৈতে সংগতি ৰাখি সমাজখনক আগবঢ়াই নিবলৈ যুৱ প্ৰজন্মক আহ্বান জনায়। বিশিষ্ট লেখক তথা ইলোৰা বিজ্ঞান মঞ্চৰ মুখপত্ৰ সমীক্ষণৰ মুখ্য সম্পাদক ড° পৰমানন্দ মজুমদাৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত হেমচন্দ্ৰ বৰুৱাৰ লেখনী আৰু কৰ্মজীৱনৰ বিভিন্ন দিশ অৱগত কৰি সমাজৰ পৰা কুসংস্কাৰ-অন্ধবিশ্বাস আঁতৰোৱাৰ বাবে তেখেতে কৰা নিৰলস প্ৰচেষ্টাৰ বিষয়ে দাঙি ধৰে। অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ অনবদ্য ৰচনা ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীৰ’ নিৰ্বাচিত অংশ পাঠ কৰে অনুপ ৰায়চৌধুৰীয়ে।তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, বিশিষ্ট সমাজকৰ্মী ভূপেন কলিতাইও সমজুৱাক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। আৰম্ভনিতে সমবেত সংগীত পৰিবেশন কৰে স্থানীয় বিদ্যালয়ৰ ছাত্ৰীবৃন্দই। অনুষ্ঠানত সভাপতিত্ব কৰি ড° কালী প্ৰসাদ শৰ্মাই তেখেতৰ সামৰণি ভাষণত মানুহে জীৱনৰ শিক্ষাৰে ক্ৰমান্বয়ে এৰিব ধৰা কুসংস্কাৰবোৰ এচামে আকৌ মানুহৰ মাজত জীয়াই তুলিবলৈ কৰি থকা চেষ্টাৰ কথা উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সচেতন লোকে অহৰহ যত্ন কৰিব লাগিব বুলি কয়।
গুৱাহাটীৰ উপৰিও ঢেকিয়াজুলি, তেজপুৰ, নগাঁও, বেবেজীয়া, টিহু, ধমধমা, মিৰ্জা, বংগাইগাও, মঙলদৈ, শিৱসাগৰ, ডুমডুমা, গোলাঘাট-ধনশিৰি, ডিব্রুগড়, ৰঙিয়া, বকো, গোৱালপাৰা, বৰপেটা ৰ’ড, কলিয়াবৰ, যোৰহাট, নলবাৰী, মানিকপুৰ, চিৰাজুলি, ডিগবৈ, আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহৰ উদ্যোগত হেমচন্দ্ৰৰ জন্মদিনটো বিভিন্ন কাৰ্যসূচীৰে পালিত হয়।
বিজ্ঞানৰ জয়যাত্ৰাৰ সময়তো অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ পয়োভৰ – ডাঃ ৰাজেন ৰায়
শোণিত্পুৰ জিলাত ইলোৰা বিজ্ঞান মঞ্চৰ চিৰাজুলি শাখাৰ উদ্যোগত বিজ্ঞানৰ জয়যাত্ৰাৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ আতৰ নোহোৱাটো অতি দূৰ্ভাগ্য্জনক কথা। বিশেষকৈ চাহ বাগিচা অঞ্চলত ডাইনী হত্যা, যাদু-মন্ত্ৰ, দেওউঠা আদি কুসংস্কাৰসমূহ আজিও বিদ্যমান। ভাষন প্ৰ্সংগত বিদ্যালয়ৰ ছাত্ৰ্-ছাত্ৰীৰ মাজত যুক্তিবাদী চিন্তাৰ প্ৰ্সাৰ হোৱাকৈ বিজ্ঞান শিক্ষাত গুৰুত্ব্ দিয়াৰ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত বিজ্ঞান আন্দোলনৰ বিশিষ্ট নেতা শুভ্ৰাংশু ৰঞ্জন দেবে বিজ্ঞান মানসিকতা প্ৰসাৰত আগবাঢ়ি আহিবলৈ যুৱসমাজক আহ্বান জনায়। ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই “ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়”ত হোৱা অনুষ্ঠানটিত অধ্যাপক ড° কান্তাৰ ভূষণ নন্দীয়ে এক মূল্যবান ভাষণ আগবঢ়ায়। তেজপুৰৰ প্ৰধান মন্ত্ৰী কৌশল বিকাশ কেন্দ্ৰ ৰ প্ৰেক্ষাগৃহত ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰ শাখাৰ দ্বাৰা অনুষ্ঠিত সভাত স্বাস্থ্য, পৰিবেশ আৰু অন্ধবিশ্বাস -কুসংস্কাৰ বিষয়ে আলোচনা আগবঢ়ায় বিশিষ্ট চিকিৎসক ডাঃ অঞ্জুমনী চেতিয়া। তেখেতে যুৱতী আৰু মহিলা সকল স্বাস্থ্য আৰু অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ বাবে সন্মুখীন হোৱা অসুবিধা বিষয়ক মনোগ্ৰাহী আলোচনা আগবঢ়ায়। সভাত হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু দৰ্শন বিষয়ে আলোচনা আগবঢ়ায় বিশিষ্ট আইনজীৱী বেনী তাঁতী চুন্ডীয়ে।
নাৰায়নপুৰত ৪৬ খন স্কুলত বিজ্ঞান মনস্কতাৰ শপথ
লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ শাখাৰ উদ্যোগত নাৰায়ণপুৰত অসম সাহিত্য সভা আৰু লেখিকা সন্হাৰ সহযোগত আজি হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস পালন কৰা হয়। নাৰায়ণপুৰ শাখাৰ উদ্যোগত নাৰায়ণপুৰৰ ৪৬ খন স্কুলত একে সময়তে স্কুলৰ প্ৰাৰ্থনা সভাত হেমচন্দ্র বৰুৱাৰ জীৱন আৰু কৃতি তথা অন্ধবিশ্বাস কুসংস্কাৰ বিৰোধী দিৱসৰ তাৎপর্য সম্পর্কে আলোচনা হয়।
নগাঁও জিলা
নগাঁও জিলাৰ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত “ভাষাৰ ওজা তথা আধুনিক অসমৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাৰ জীৱন দৰ্শন” শীৰ্ষক বক্তৃতা আগবঢ়ায় নগাঁও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক হৰেকৃষ্ণ বৰাই। ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ে চমু বক্তব্য আগবঢ়ায় অমৰেন্দ্ৰ নাথ শৰ্মাই। ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত, কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস আয়োজন কৰা হয়। কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীমপ্ৰসাদ শৰ্মা। অধ্যাপক শৰ্মাদেৱে উক্ত সভাত আমাৰ সমাজত চলি থকা জ্যোতিষ সম্বন্ধিত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষয়ে এক সজাগতামূলক বক্তৃতা আগবঢ়ায়।
নলবাৰী জিলা
নলবাৰী জিলাৰ টিহু শাখাই হেমচন্দ্র বৰুৱাৰ জন্মদিন উপলক্ষে জলখানা ভঠুৱাখানা হাইস্কুলত ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পাৰ্থ ফুকন মহন্ত, হাৰিভাঙ্গা হাইস্কুলৰ শিক্ষক ধীৰাজ গোস্বামী, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষা পঞ্জীয়ক দিবাকৰ গোস্বামী, মাখিবাহা উ.মা. বিদ্যালয়ৰ অৱসৰী অধ্যক্ষা প্ৰতিভা দেৱী, বিদ্যালয়ৰ প্রধান শিক্ষক কন্দৰ্প শৰ্মা, পৰিচালনা সমিতিৰ সভাপতি প্ৰনৱজ্যোতি কলিতা আদিয়ে বক্তব্য আগবঢ়ায়। নলবাৰী ধমধমা অঞ্চলৰ লুইত একাডেমী প্ৰাংগনত অনুষ্ঠিত সভাত সাহিত্যিক ড° পৰমানন্দ মজুমদাৰ, প্ৰনবজ্যোতি ডেকাই ভাষন দিয়ে। মুকালমুৱা আৰু পশ্চিম নলবাৰীতো মৰ্যাদা সহকাৰে দিৱ্সটো পালিত হয়।
বংগাইগাও জিলা
বংগাইগাও জিলাত মানিকপুৰ আৰু বংগাইগাও জ্ঞানজ্যোতি জুনিয়ৰ কলেজ প্ৰাংগনত বিজ্ঞান মানসিকতা বিষয়ক সজাগতা সভা অনুষ্ঠিত হ্য়।
কামৰূপ জিলা
দ:কামৰূপ জিলাৰ মিৰ্জাত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিন উপলক্ষে আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদত অনুষ্ঠিত আলোচনা সভাত ভাষন দিয়ে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই।বকো শাখাৰ উদ্যোগতো ছাত্র-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
দৰং জিলা
ইলোৰা বিজ্ঞান মঞ্চ, দৰং জিলা সমিতিয়ে পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উদযাপন উপলক্ষে দুদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰথম দিনৰ কাৰ্যসূচীত ৭ ডিচেম্বৰ তাৰিখে বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয় | ৯ ডিচেম্বৰ তাৰিখে শিক্ষাবিদ ড: খলিলুৰ ৰহমানৰ সভাপতিত্বত হোৱা আলোচনা সভাত কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ পৱন কুমাৰ চহৰীয়াই মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। সভাত বিজ্ঞান আৰ্হি প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হ্য়।
শিবসাগৰ জিলা
শিবসাগৰ জিলাত ১০ ডিচেম্বৰ তাৰিখে হেমচন্দ্ৰ বৰুৱা উদ্যানত নানা কাৰ্য্সূচীৰে এই দিৱস পালন কৰা হ্য়।
তিনিচুকীয়া জিলা
তিনিচুকীয়া জিলাৰ ডুমডুমা সাহিত্য সভা ভবনত এক মনোজ্ঞ আলোচনা আগবঢ়ায় ডুমডুমা মহাবিদ্যালয়ৰ অধ্যাপক শিক্ষাবিদ দীপক ৰঞ্জন বৰুৱা আৰু মনোজ দত্তই।জিলাখনৰ ডিগবৈ আৰু শদিয়াত অন্ধবিশ্বাস –কুসংস্কাৰ বিৰোধী দিৱস উদযাপন কৰা হয়।
বৰপেটা জিলা
বৰপেটা জিলাৰ বৰপেটা ৰʼড আৰু কয়াকুছি শাখাৰ উদ্যোগত কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো পালন কৰা হয়।
গোলাঘাট জিলা
পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিন উপলক্ষে বৰপথাৰ গোৰ্খা ভৱনত ড০ নয়নমনি মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত নতুন প্ৰজন্মৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰ শীৰ্ষক আলোচনা সভাত ড০ গোলাপ গগৈয়ে বক্তব্য ৰাখে।
গোৱালপাৰা জিলা
আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গোৱালপাৰাত পালন কৰা হয়।
ডিব্ৰুগড় শাখাৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন যুক্তিবিকাশ সমিতি আৰু গণনাট্য শাখাৰ সহযোগত ১৭ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় গ্ৰ্ন্হমেলা প্ৰাংগনত অনুষ্ঠিত হʼব। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত কাৰ্যসূচীসমূহ সফল কৰি তোলাৰ বাবে আৰু আধুনিক অসমৰ অগ্ৰদূত গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চই প্ৰতিগৰাকী যুক্তিবাদী লোকৰ প্ৰতি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
**