বিশ্ব নদী দিৱস উদযাপন

বিশ্ব নদী দিৱস উদযাপন

২৪ ছেপ্তেম্বৰ বিশ্ব নদী দিৱস। নদী সুৰক্ষাৰ বাবে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্রতি বছৰৰ ছেপ্তেম্বৰ মাহৰ চতুর্থ ৰবিবাৰে এই দিৱস পালন কৰা হয়। বিশ্ব নদী দিৱসৰ এই বছৰৰ প্রতিপাদ্য আছিল ‘ৰাইটচ অৱ ৰিভাৰ’। বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰততো নানা ধৰণে পালিত হৈছে এই দিন।

নদীমাতৃক আমাৰ দেশৰ বহু নদীৰ অৱস্থা সংকটাপন্ন। দূষণ, নদী দখল, বালি মহলদাৰৰ আগ্রাসন, আৱৰ্জনা প্ৰক্ষেপনৰ লগতে অপৰিকল্পিত শিল্পায়ন, নগৰায়ন, দলং নিৰ্মাণ, কালভার্ট আৰু স্লুইচগেট নির্মাণৰ ফলত সৰু বৰ বহু নদীৰ অস্তিত্ব আজি বিপন্ন।আনহাতে নদী জনজীৱনৰ সৈতে সম্পৃক্ত। নৈ নাথাকিলে মানুহৰ অস্তিত্বও বিপদাপন্ন হ’ব। সেয়ে নদীৰ হকে থিয় দিয়া, নদী সুৰক্ষাৰ বাবে জন সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যেই পালিত হয় বিশ্ব নদী দিৱস।

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত ইলোৰা বিজ্ঞান মঞ্চৰ বিভিন্ন শাখাই এই দিৱসৰ সৈতে সংগতি ৰাখি বেলেগ বেলেগ দিনত নদী সংৰক্ষণ সম্পর্কে নৈপৰীয়া ৰাইজৰ মাজত সজাগতা সভা¸ নদী পৰিষ্কৰণ ¸ বৃক্ষৰোপণ, নদী বিষয়ক কবিতাৰ অনুষ্ঠান, বাটৰ নাট পৰিৱেশন, ছাত্র-ছাত্ৰীৰ মাজত শিক্ষামূলক প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি ‘বিশ্ব নদী দিৱস-২৩’ উদযাপন কৰে। অনুষ্ঠানসমূহৰ মূল উদ্দেশ্য হ’ল নদী সুৰক্ষাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা।

বৰপেটা জিলাৰ কয়াকুছি শাখাৰ উদ্যোগত ২৮ আৰু ২৯ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সজাগতা সভা ¸ বৃক্ষৰোপণ ¸ পহুমাৰা নদীৰ সংৰক্ষণৰ বাবে জনসচেতনা আৰু পহুমাৰা নদীৰ এছোৱা পৰিষ্কাৰ কৰা হয় । ২৮ ছেপ্তেম্বৰত পহুমাৰা নদীৰ কাষতে অৱস্থিত কয়াকুছি মিলন হাইস্কুলৰ সভাগৃহত কয়াকুছি শাখাৰ সভাপতি জয়নাল আবেদিনৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত পহুমাৰা নদীৰ ওপৰত আলোচনা আগবঢ়ায় শিক্ষাবিদ খাইৰুল ইছলামে । দ্বিতীয় দিনা ২৯ ছেপ্তেম্বৰত কয়াকুছি পাথাৰ ফজু বজাৰস্থিত মধ্য ইংৰাজী বিদ্যালয়ত সজাগতা সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা হয়। পহুমাৰা নদীৰ সংৰক্ষণৰ বাবে জনসচেতনা আৰু পৰিষ্কৰণৰ ওপৰত বক্তব্য প্ৰদান কৰে সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক¸ অসমৰ সম্পাদক নজিব আহমেদ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ কোষাধ্যক্ষ ড০ বাসুদেৱ দাসে। অনুষ্ঠানটোত পৌৰাহিত্য কৰে ইলোৰা বিজ্ঞান মঞ্চৰ কয়াকুছি শাখাৰ উপ সভাপতি তালেবৰ ৰহমানে আৰু আঁত ধৰে শাখা সম্পাদক ছাহেদ আলী আহমেদে।

বিশ্ব নদী দিৱসৰ লগত সংগতি ৰাখি ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ উদ্যোগত ৩০ ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত সজাগতা সভাত গুৱাহাটী আই আই টি’ৰ অধ্যাপক ডঃ অৰূপ কুমাৰ শৰ্মাই নদী সংৰক্ষণ সম্পর্কে সজাগতা বৃদ্ধিৰ গুৰুত্ব ব্যাখ্যা কৰি ভৱিষ্যত প্রজন্মৰ স্বাৰ্থত নদীৰ সুৰক্ষাৰ আহ্বান জনায়। ৰঙিয়া শাখাৰ সভাপতি মিৰাজুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাজনো শিক্ষাবিদ, চিকিৎসক, সমাজকৰ্মীয়ে বক্তব্য ৰাখে। সভাৰ শেষত কবি মুকুল কলিতাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত ডাঃ নীলোৎপল শৰ্মা, ডঃ অৰূপ কুমাৰ শৰ্মা প্ৰণবজ্যোতি ডেকা, নুৰুল আমিন প্ৰমুখ্যে ভালেসংখ্যক কবিয়ে নদী বিষয়ক কবিতা পাঠ কৰে। ১ অক্টোবৰ তাৰিখে বৰলীয়া নদীৰ পাৰত পৰিষ্কাৰ অভিযান, বৃক্ষৰোপণৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি প্ৰাংগণত নদী সংৰক্ষণৰ বাণী সম্বলিত বাটৰ নাট অনুষ্ঠিত হয়।

একে দিনাই চৰাইদেউ জিলাৰ দিচাং নৈৰ পাৰত ৰাংঢালী গাৱঁত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু নৈপৰীয়া ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত হয়। আমন্ত্ৰিত বক্তা হিচাপে নদী সংৰক্ষণ সম্পৰ্কীয় বক্তব্য আগবঢ়ায় গড়গাওঁ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাই । অন্যান্য অতিথিসকল আছিল বিশিষ্ট সাঁতোৰবিদ কৃষ্ণ চাংমাই, গাওঁ প্ৰধান প্ৰফুল্ল গগৈ , শিক্ষক নন্দ কুৰ্মি, সমাজকৰ্মী দিলীপ গগৈ আদি ।

২ অক্টোবৰ তাৰিখে চাইকেল ৰেলী, নদী পৰিষ্কৰণ আৰু গছপুলি ৰোপন কৰা হয়। অনুষ্ঠানসমূহত ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্রীয় সমিতিৰ সদস্য বিশিষ্ট শিক্ষক সুশান্ত তাঁতীয়ে আঁত ধৰে।

Share this post