সুদক্ষিণা শৰ্মাৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

সুদক্ষিণা শৰ্মাৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

অসমৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ, স্বনামধন্য কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শিল্পী গৰাকীৰ প্ৰতি নিৱেদন কৰিছে অপৰিসীম শ্ৰদ্ধা।

যশস্বী শিল্পী সুদক্ষিণা শৰ্মাই ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে নিবিড়ভাৱে যুক্ত আছিল। দৰাচলতে শিল্পী গৰাকীৰ প্ৰয়াত স্বামী তথা বিশিষ্ট গণশিল্পী দিলীপ শৰ্মা, শিল্পীপুত্ৰ প্ৰয়াত ঋষিৰাজ শৰ্মা, জী-জোঁৱাই সহ সমগ্ৰ পৰিয়ালটো বিজ্ঞান মঞ্চৰ সৈতে আছিল ওতঃপ্ৰোতভাৱে জড়িত। সুদক্ষিণা শৰ্মাৰ জোঁৱাই ড°পৰমানন্দ মজুমদাৰ ৰচিত ইলোৰা বিজ্ঞান মঞ্চৰ “আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো” শীৰ্ষক মঞ্চৰ মূল গীতটোত দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা আৰু ঋষিৰাজ শৰ্মাই সুৰাৰোপিত আৰু কন্ঠদান কৰি মঞ্চক উপহাৰ দিছিল। সুদক্ষিণা শৰ্মাই ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে একাত্মবোধ প্ৰকাশ কৰি অন্ধবিশ্বাসৰ বিপৰীতে সমাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে ৰাজ্যৰ বিভিন্ন ঠাইত ইলোৰা বিজ্ঞান মঞ্চই আয়োজন কৰা অনুষ্ঠানবোৰত সংগীত পৰিৱেশন কৰি বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ আন্দোলনক উৎসাহিত তথা অনুপ্ৰাণিত কৰিছিল। গভীৰ জীৱনীশক্তিৰে তেখেতে নব্বৈৰ কাষ চপা বয়সতো মানৱতাবাদৰ জয়গান গাই প্ৰগতিশীল গীত-মাত পৰিৱেশন কৰি আছিল। আজি প্ৰাণচঞ্চল আৰু মানৱদৰদী শিল্পী গৰাকীৰ বিয়োগ হ’ল। তেখেতে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ-কল্যাণৰ হকে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মৰণোত্তৰ দেহদানৰো ইচ্ছা প্ৰকাশ কৰিছিল। তেখেতৰ শেষ ইচ্ছাৰ প্ৰতি সন্মান জনাই পৰিয়ালৰ সদস্যসকলৰ উদ্যোগ আৰু বিজ্ঞান মঞ্চৰ সহযোগত শিল্পী গৰাকীৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। পৰিয়ালৰ হৈ বোৱাৰী হিৰাশ্ৰী শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ হাতত মৰণোত্তৰ দেহ আনুষ্ঠানিকভাবে অৰ্পণ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রী বিমল বৰা, কামৰূপ মেট্রোপলিটান জিলাৰ উপায়ুক্ত, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ড° কালী প্ৰসাদ শৰ্মা, কাৰ্যকৰী সভাপতি ডাঃ জয়দেৱ শৰ্মা, সাধাৰণ সম্পাদক কমলেশ গুপ্ত সহ মঞ্চৰ কৰ্মকৰ্তাসকল আৰু ভালেসংখ্যক সতীৰ্থ- শুভাকাংক্ষী উপস্থিত থাকি শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চই শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ শোকস্তব্ধ পৰিয়াল, আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

Share this post