মৰিগাঁও মহাবিদ্যালয়ত বৈজ্ঞানিক মানসিকতা আৰু অংগদান-দেহদান সন্দৰ্ভত সজাগতা সভা

মৰিগাঁও মহাবিদ্যালয়ত বৈজ্ঞানিক মানসিকতা আৰু অংগদান-দেহদান সন্দৰ্ভত সজাগতা সভা

মৰিগাঁও মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ (২০২৩-২৪) উপলক্ষে এক ছেপ্টেম্বৰ, ২০২৩ তাৰিখে কলেজখনৰ আভ্যন্তৰীণ গুণ মূল্যায়ন কমিটি (IQAC), মৰিগাঁও জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ জিলা স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত বৈজ্ঞানিক মানসিকতা আৰু অংগদান-দেহদান সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।
সভাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ-উপাধ্যক্ষৰ উপৰি জিলাৰ স্বাস্থ্য বিষয়া, চিকিৎসক আৰু মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ কোষাধ্যক্ষ ড° বাসুদেৱ দাস, যুগ্ম সম্পাদক অনুপ ৰায়চৌধুৰী আৰু মনোজ ৰয়, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ মানৱী শইকীয়াৰ লগতে মঞ্চৰ পক্ষৰ পৰা দিগাৰুৰ ভুৱনেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰে।
মুখ্য বক্তা আছিল বিশিষ্ট চকুৰোগ বিশেষজ্ঞ আৰু গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ সভাপতি ডাঃ হৰ্ষ ভট্টাচাৰ্য আৰু ইলোৰা বিজ্ঞান মঞ্চৰ উপ-সভাপতি ইছফাকুৰ ৰহমান।
অনুষ্ঠানটো পৰিচালনা কৰে সহযোগী অধ্যাপক পৰাগজ্যোতি মহন্তই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বহু ছাত্ৰ-ছাত্ৰী আৰু ভালেকেইজন বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে। তিনিজন মানৱহিতৈষী ব্যক্তিয়ে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে মৰণোত্তৰ অংগদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰাৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰে।

Share this post