বিশিষ্ট নাগৰিক মুকুট ভৰালীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান

বিশিষ্ট নাগৰিক মুকুট ভৰালীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান

বিশিষ্ট নাগৰিক ভাৰতীয় খাদ্য নিগমৰ অৱসৰী উচ্চপদস্থ বিষয়া বিৰুবাৰী নিবাসী মুকুট ভৰালীৰ  যোৱা ১০/০৯/২৪ তাৰিখে গুৱাহাটীৰ সৰ্বোদয় চিকিৎসালয়ত জীৱনাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। তেখেতে পত্নী মনিতা ভৰালী, দুই পুত্র, আত্মীয়স্বজন আৰু বহু গুনমুগ্ধ এৰি থৈ গৈছে।

তেখেতৰ শেষ ইচ্ছা অনুসৰি আজি মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। তাৰ পূৰ্বে তেওঁৰ চকুৰ কৰ্ণিয়া দুজন লোকৰ অন্ধত্ব নিবাৰণৰ উদ্দেশ্যে সংগ্রহ কৰা হয়। আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ  মুকুট ভৰালীৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই মানৱতাবাদী ব্যক্তিগৰাকীৰ মহান দানৰ শলাগ লয়।

ইলোৰা বিজ্ঞান মঞ্চৰ উপ-সভাপতি প্ৰনবজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানত অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, উপাধ্যক্ষ ডাঃ জয়দেব শৰ্মা,  এনাটমি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃসত্যজিৎ মিত্ৰ, চৰ্মৰোগ বিশেষজ্ঞ ডাঃপংকজ অধিকাৰীসহ চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী,  ছাত্র-ছাত্রী আৰু  ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক জগদীশ দত্ত, মনোজ ৰায়, কোষাধ্যক্ষ ড০ বাসুদেব দাস, প্ৰয়াত ভৰালীৰ দুই পুত্র লোনাভ আৰু নীলাভ ভৰালী, পৰিয়ালৰ অন্যান্য  সদস্যসকলকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকি প্ৰয়াত মুকুট ভৰালী লৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ইলোৰা বিজ্ঞান মঞ্চই  মুকুট ভৰালীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে বিজ্ঞানমনস্ক মহান ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে আৰু শোকবিহ্বল পৰিয়ালটোক জনাইছে সমবেদনা।

Share this post